আমাৰ বিষয়ে
খ্ৰীষ্টিয়ানৰ পবিত্ৰ পুথিখনে আমালোকক ইতিহাস আৰু ভাববানী উভয়ৰ বিষয়ে কয়। ই আমাক আগতে কি হৈ গল আৰু অতি সোনকালে কি হবলগীয়া আছে সেই বিষয়ে কয়। এটা আচম্বিত কৰা ভৱিষ্যত বানীত, পৃথিবীখনৰ ধ্বংসৰ আগতেই আমি সতৰ্কবাণীৰ শেষ বাৰ্তাটো পঢ়িব পাৰো।
প্ৰকাশিত বাক্যৰ ১৪ অধ্যায়ৰ, তিনিটা ভাগত থকা তিনিজন স্বৰ্গদূতৰ দ্বাৰাই এই সতৰ্কবাণীক ব্যাখ্যা কৰা হৈছে। গোটেই জগত খনেই এই সতৰ্কবাণীবোৰৰ প্ৰতিটো বানীকেই শুনাটো অতিকৈ গুৰুত্বপূৰ্ণ।
প্ৰথম স্বৰ্গদূতে আমাক সেই জনা সৃষ্টিকৰ্ত্তা ঈশ্বৰক উপাসনা কৰিবলৈ কৈছে, যিজনাই আকাশ-মণ্ডল, পৃথিৱী আৰু সাগৰ সৃষ্টি কৰিছিল। আমি সৃষ্টিকৰ্ত্তাক সেৱা কৰিবই লাগিব কাৰণ তেওঁৰ সোধ-বিচাৰৰ সময় আহিল। প্ৰথম স্বৰ্গদূত গৰাকীয়ে আমি কেনেকৈ এই জনা ঈশ্বৰক জানিব পাৰো আৰু সোধ-বিচাৰৰ মাজেৰে পাৰ হৈ যাবলৈ কেনেকৈ প্ৰস্তুত হ’ব পাৰো সেই বিষয়ে আমাক কয়।
দ্বিতীয় স্বৰ্গদূতে অন্তিম দিনৰ সময়ত হোৱা ধৰ্ম্মভ্ৰষ্টতাৰ সম্পৰ্কে আমাক সতৰ্ক কৰিছে। যি ধৰ্ম্মীয় ব্যৱস্থাবোৰে সৃষ্টিকৰ্ত্তা ঈশ্বৰ আৰু তেওঁৰ প্ৰকাশিত বাক্যক সন্মান নকৰে তাৰ পৰা 'ওলাই আহিবলৈ' আমালোকক কোৱা হৈছে।
তৃতীয়জন স্বৰ্গদূতে আমাক সতৰ্ক কৰিছে যে দুষ্টজনে সৃষ্টিকৰ্ত্তা ঈশ্বৰ আৰু তেওঁৰ লোকসকলৰ বিৰুদ্ধে অন্তিম আক্ৰমণত লিপ্ত হবলৈ ধৰ্মভ্ৰষ্ট হোৱা ধৰ্ম্মীয় ব্যৱস্থাৰ জৰিয়তে কাম কৰিব। যি সকলে সেই দুষ্টতাক অনুসৰণ কৰে সেই সকলৰ ওপৰত “মোহৰ” থাকিব, আৰু যিসকলে ঈশ্বৰৰ প্ৰতি সত্যতাৰে থাকে, তেওঁলোকক তাড়ণা কৰা হ’ব। কিন্তু যিসকলৰ এই ভয়ানক চিন আছে তেওঁলোকৰ ওপৰত ঈশ্বৰে তেওঁৰ সোধ-বিচাৰ আনিব। তেওঁৰ লোকসকল, যিসকলে বিশ্বাস আৰু বাধ্যতাৰে আছে, তেওঁলোকে মৃতপ্ৰায় অবস্থাত থকা বিনষ্ট হবলৈ ওলোৱা এটা গ্ৰহৰ মাজৰ পৰা পৰিত্ৰাণ পাব। তেওঁলোকে ঈশ্বৰৰ সৈতে স্বৰ্গলৈ যাব আৰু যেতিয়া তেওঁ পৃথিৱীখনক ইয়াৰ আদি নিখুঁত অবস্থাৰ ৰূপত পুনঃসৃষ্টি কৰিব তেতিয়া তেওঁলোকে তাক চাব।
আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক
নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!
আপোনাৰ দৰ্শক সকলক বিচাৰি উলিয়াওক
বৈশিষ্ট্যযুক্ত প্ৰকাশনসমূহ
© 2024 Sharing Hope Publications