অন্তিম উদ্ধাৰ

অন্তিম উদ্ধাৰ

সাৰাংশ

দুখ-কষ্ট সদাকাল চলি থাকিব যেন লাগে, কিন্তু প্ৰভু যীচু খ্ৰীষ্টই কৈছে যে এদিন ইয়াৰ অন্ত পৰিব। নিজৰ লোকসকলক এখন ঠাইলৈ নিবলৈ তেওঁ এই পৃথিবীখনলৈ আকৌ ঘুৰি আহিম বুলি প্ৰতিজ্ঞা কৰিছে যি ঠাইখনক কোৱা হয় “স্বৰ্গৰ ৰাজ্য।” এই আচৰিত স্থানত কোনো দুখ কষ্ট নাই, মৃত্যুও নাই, আৰু পুনঃজন্মৰ চক্ৰও নাই। আমি সৃষ্টিকৰ্ত্তা ঈশ্বৰৰ সৈতে সদাকাল জীয়াই থাকিম! এই পুস্তিকাখনে আমাৰ অন্তিম উদ্ধাৰৰ বাবে আমি কেনেকৈ সাজু হব পাৰো তাৰ বিষয়ে আমাক কয়।

ডাউনলড

অন্ত্যোষ্টিক্ৰিয়া চলি থকা সময়ত, গঙ্গাৰ পাৰত, মৃত আত্মাই এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ কেনেকৈ যাত্ৰা কৰি অৱশেষত গন্তব্য স্থান মোক্ষ লাভ কৰে তাৰ বিষয়ে এজন পুৰোহিতে ব্যাখ্যা কৰি আছিল। মানুহৰ জুমটোৰ এজন সৰু লৰাই কথাবোৰ বৰ ধাউতিৰে শুনি আছিল। তাৰ কাষতে থকা লোক এজনৰ ফালে চাই সি ফটক কৰি সুধিয়েই পিলালে, “এইবোৰ কেতিয়া অন্ত পৰিব?” 

সি এনে এটা প্ৰশ্ন সুধিছিল যিটো বহুতে ভাৱি অন্ত নেপায়। এই বেদনাদায়ক চক্ৰটোৰ পৰা আমি হাত সৰাৰ আগতে কিমানবাৰ জন্মিব লাগিব আৰু কিমানবাৰ পুনৰ জন্ম লব লাগিব? গোটেই ইতিহাসত অগণন বাৰ ইয়াক সোধা হৈছে, তথাপিও সঠিক উত্তৰ পাব পৰা হোৱা নাই।

জন্ম, মৃত্যু, আৰু দুখ যাতনাৰ চক্ৰবোৰ এইখন পৃথিবীত এটা স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু এই জগতখনৰ সিপাৰে, যি ঠাইত ঈশ্বৰ বিৰাজমান হৈ আছে, তাত কোনো বেদনাদায়ক চক্ৰবোৰ নাই—মাত্ৰ আছে অনন্তকলীয়া ওৰ নপৰা শান্তি। ধন্যবাদ দিব লাগিব যে, দুখ যাতনা আৰু কঠিনতাৰ পৰা মুক্তি লাভ কৰিবলৈ অযুত বাৰ মৃত্যু ভোগ আৰু পুনৰ জন্মৰ মাজেদি পাৰ হৈ যাবৰ প্ৰয়োজন নাই। বৰ ৰোমাঞ্চকৰ কথা এটা কওঁ।

দুখ-যাতনাৰ পৰা চিৰদিনৰ বাবে হাত সাৰি যোৱা!

বহু বছৰৰ আগতে, প্ৰভু যীচু মানুহ ৰূপত এইখন পৃথিবীলৈ আহিছিল। তেওঁ ৰোগী সকলক সুস্থ কৰছিল আৰু অনেক আচৰিত কাৰ্য্য কৰিছিল। স্বৰ্গ ৰাজ্য বুলি কোৱা এখন বিশেষ ঠাইৰ বিষয়েও “তেওঁ শিকাইছিল।” তেওঁ কৈছিল যে স্বৰ্গ এনে এখন ঠাই যত ৰোগ-ব্যাধি নাই, নাই কোনো দুখ যাতনা, আৰু তাত পুনৰ জন্ম গ্ৰহন কৰাৰো প্ৰয়োজন নাই। সেই সুন্দৰ ঠাইখনত প্ৰত্যেকেই অনন্তকাল জীয়াই থাকে। 

প্ৰভু যীচুৱে এই আচৰিত ৰাজ্যখনৰ বিষয়ে শিকাইছিল, আৰু তাৰ পাছত আমাৰ বেয়া কৰ্ম্মৰ পৰিণতিবোৰৰ পৰা আমাক উদ্ধাৰ কৰিবলৈ বলি স্বৰূপে নিজৰ জীৱন বলিদান দিছিল যাতে আমি ইচ্ছা কৰিলে তালৈ যাব পাৰো।

তেওঁৰ বলিদানৰ মৃত্যুৰ তিনি দিনৰ পিছত, তেওঁ মৈদামৰ পৰা পুনৰুত্থিত হৈছিল আৰু স্বৰ্গ ৰাজ্যখনলৈ আৰোহন কৰিছিল। তেওঁ নিজৰ অনুসৰণকাৰী সকলৰ আগত প্ৰতিজ্ঞা কৰিছিল যে তেওঁবিলাকক স্বৰ্গলৈ নিবলৈ যুগৰ শেষত তেওঁ পুনৰাই আহিব।

এয়া এটা আচৰিত ভৱিষ্যত যেন নেলাগেনে বাৰু? যীচুৱে আমাৰ প্ৰত্যেককে উদ্ধাৰ পোৱাটোক বাঞ্চা কৰে—দুখ যাতনাৰ পৰা সদাকালৰ বাবে উদ্ধাৰ পোৱা। কিন্তু সেই সৰু লৰাটিয়ে সোধাৰ দৰে, ইয়াৰ অন্ত কেতিয়া হব, আমি উদ্ধাৰ পোৱাৰ আগতে ই কিমান সময় লব আমিও ভাৱি আচৰিত হওঁ। 

প্ৰভু যীচু খ্ৰীষ্টৰ পুনৰাগমণ

আকৰ্ষণীয়ভাৱে, প্ৰভু যীচুৰ শিষ্যবিলাকেও সেই একেটা প্ৰশ্নকে সুধিছিল—ইয়াৰ অন্ত কেতিয়া হব? প্ৰভু যীচুৱে এইটো যুগৰ অন্তিম দিনবিলাকক, প্ৰৱল ভুমিকম্প, যুদ্ধবিগ্ৰহ, আকাল, মহামাৰী আৰু সংক্ৰামক ৰোগৰ বৃদ্ধিৰ সময় হিচাবে বৰ্ণনা কৰিছে। সমস্যা দ্ৰুতগতিত বৃদ্ধি হৈ থকা দেখি লোকসমূহৰ হৃদয়বোৰ ভয়ত পেপোৱা লাগিব। প্ৰভু যীচুৰ আগমণৰ, এইবোৰেই চিন হব। আমি এতিয়া দেখিছো যে যুগৰ অন্তিম সময়ত আমি বাস কৰিছো, কিয়নো এই আটাইবিলাক চিন ঘটিবলৈ লৈছে।

প্ৰভু যীচু, তেওঁ প্ৰতিজ্ঞা কৰাৰ দৰেই অতি শীঘ্ৰে আহিব। মৃতলোক বিলাক মৈদামৰ পৰা উঠি আৰু তেওঁবিলাকক এক সম্পুৰ্ন নতুন শৰীৰ প্ৰদান কৰা হব, যেনেকৈ বাইবেলে কৈছে, “জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত, আৰু ঈশ্বৰৰ তূৰী-বাদ্যে সৈতে প্ৰভু নিজে নামি আহিব। আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক বিলাকেই প্ৰথমে উঠিব” (বাইবেলৰ, ১ম থিচলনীকীয়া ৪ঃ১৬ অসমীয়া বাইবেল)। 

সেই সময়ত, যিখন পৃথিবীক বৰ্ত্তমান আমি জানো ইয়াক ধ্বংশ কৰি পেলোৱা হব, আৰু অধাৰ্ম্মিকতাক সমূলি গুচাই পেলোৱা হব। সুখ আনন্দৰে পৰিপূৰ্ণ এহেজাৰ বছৰৰ নিমিত্তে আমি সৰগলৈ যাম। তেতিয়া, প্ৰভু যীচুৱে সুন্দৰতা আৰু সিদ্ধতাৰ এক নতুন ৰূপত পৃথিবীখনক পুনৰাই সৃষ্টি কৰিব—মৃত্যু, বেদনা, ৰোগ-ব্যাধি, নৈৰাশ্যতা, আৰু নিসংগতাৰ পৰা সম্পুৰ্ন মুক্ত হৈ থাকিব। আৰু তেওঁ প্ৰতিজ্ঞা কৰিছে যে তেওঁৰ পথ অনুসৰণ কৰা প্ৰত্যেকেই নিশ্চিতৰূপে তাত স্থান পাব। এইটোৱেই যীচুৰ পথ।

অৱশেষত উদ্ধাৰ

যীচুৱে তেওঁৰ আগমণৰ সঠিক দিন বা সময় প্ৰকাশ কৰা নাই, কিন্তু তেওঁ তেওঁৰ অনুসৰণকাৰী সকলক বহুতো বিশেষ চিন প্ৰদান কৰিছে, যাৰ দ্বাৰাই আমি জানিবলৈ পাৰো যে তেওঁৰ দ্বিতীয় আগমণ নিচেই সন্নিকট—আপোনাৰ আৰু মোৰ জীৱন কালতে হয়তো হব পাৰে। কি যে আচৰিত সংবাদ! প্ৰভু যীচুৰ আগমণত আমি আমাৰ কু-কৰ্ম্মবোৰৰ পৰিণামৰ পৰা মুক্তি পাম!

স্বৰ্গ ৰাজ্যত প্ৰৱেশ কৰা লোকসকলৰ মাজত আপুনিও যদি স্থান পাবলৈ বিচাৰে, তেন্তে যীচুৰ পথ অনুসৰণ কৰিবলৈ তিনিটা সৰল খোজ আছে:

১। প্ৰভু যীচুত বিশ্বাস কৰা। এটা বলিদান হিচাপে যেতিয়া যীচুৱে তেওঁৰ জীৱন সমৰ্পন কৰিছিল, তেতিয়া তেওঁ প্ৰত্যেকৰে কু-কৰ্ম্মৰ পৰিণামবোৰৰ ভাৰ বহন কৰিছিল। তেওঁ ইয়াক স্ব-ইচ্ছাই কৰিছিল যাতে তেওঁ আমাক সেইবোৰৰ পৰা উদ্ধাৰ কৰিব পাৰে। আপোনাৰ সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো মনেৰে সৈতে ইয়াক বিশ্বাস কৰাৰ দ্বাৰাই আপুনি এই উপহাৰ গ্ৰহন কৰিব পাৰে। 

২। এটা ব্যক্তিগত সম্পৰ্ক স্থাপন কৰা। আমি মাত্ৰ ধৰ্ম্মীয় নিয়ম পালনৰ এখন তালিকা অনুসৰণ কৰাটোক প্ৰভু যীচুৱে বিচৰা নাই; কিন্তু ব্যক্তিগত ভাৱে তেওঁক জনাটোক তেওঁ বিচাৰিছে। আমি আমাৰ অতিশয় নিবিড় বন্ধুৰ সৈতে কথা পতাৰ দৰে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰো, আমাৰ অন্তৰ খুলি আৰু একো গোপন নাৰাখি সকলোবোৰ খুলা-খুলিকৈ কব পাৰো। তেওঁৰ পবিত্ৰ আত্মাৰ যোগেদি প্ৰতিদিনে আমাৰ সৈতে থাকিম বুলি প্ৰভু যীচুৱে প্ৰতিজ্ঞা কৰিছে, গতিকে যিকোনো সময়তে আমি তেওঁৰ সৈতে কথা পাতিব পাৰো।

৩। প্ৰভু যীচুৰ উপদেশ বোৰ অনুসৰণ কৰা। যীচুৱে কৈছিল তেওঁৰ আগমণলৈ আমি বাট চাই থাকিব আৰু সাজুহৈ থাকিব লাগিব। প্ৰভু যীচুৰ প্ৰতি এটা ভক্তি-ভাৱপুৰ্ন জীৱন নিৰ্বাহ কৰাৰ অৰ্থ হৈছে যে আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰি চলিম, আমাৰ সকলো হৃদয়ৰ সহিত তেওঁক প্ৰেম কৰিম আৰু মেঘত হোৱা তেওঁৰ আগমনৰ নিমিত্তে সদায় সাজু থাকিম। প্ৰভু যীচুৰ অনুসৰণকাৰী হবলৈ জানিবলগীয়া আটাইবোৰ কথাকেই আমি বাইবেলত বিচাৰি পাম। 

তেওঁৰ দ্বিতীয় আগমণৰ নিমিত্তে প্ৰস্তুত হবলৈ কেনেকৈ যীচুৰ পথ অনুসৰণ কৰিব লাগে সেই বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি সিপিঠিত দিয়া সম্ভেদৰ যোগেদি আমাৰে সৈতে যোগাযোগ কৰক। 

Copyright © 2023 by Sharing Hope Publications. অ-ব্যৱসায়িক উদ্দেশ্যত অনুমতিৰ অবিহনে ছপা আৰু বিতৰণ কৰিব পাৰিব ।
উদ্ধৃত সকলোবোৰ শাস্ত্ৰপদ পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে, বাইবেল চচাইটি অফ ইণ্ডিয়া - অসমীয়া - (অ.ভি.) সোধপোছ কৰি বাইবেল চচাইটি অফ ইণ্ডিয়াৰ দ্বাৰাই ছপা কৰি উলিওৱা হৈছে। অনুমতি সাপেক্ষে ব্যৱহাৰ কৰা হৈছে। সকলো স্বত্ব সংৰক্ষিত।

আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক

নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!

newsletter-cover