পৃথিৱীৰ অন্ত: এটা ভয় লগা ভাৱবাণী!

পৃথিৱীৰ অন্ত: এটা ভয় লগা ভাৱবাণী!

সাৰাংশ

আমাৰ পৃথিৱীৰ ভৱিষ্যত কোনো ৰহস্যজনক নহয়। প্ৰভু যীচু খ্ৰীষ্টৰ পুস্তক বাইবেলত, ইয়াৰ বিষয়ে আগেয়ে কোৱা হৈছে। যীচুৱে আমাক নিৰ্দিষ্ট চিনবোৰৰ প্ৰতি দৃষ্টি ৰাখিবলৈ কৈছে যাতে আমি কেতিয়া অন্তিম সময় ওচৰ চাপিব সেই বিষয়ে জানিব পাৰোঁ। যদি আমি তেওঁৰ উপদেশবোৰ মানি চলোঁ আৰু তেওঁৰ ওপৰত আমাৰ বিশ্বাস ৰাখোঁ, তেন্তে ভৱিষ্যতৰ বিষয়ে আমাৰ নিশ্চয়তা থাকিব। জগতৰ অন্ত আৰু অনন্তকালৰ আৰম্ভণিৰ নিমিত্তে কেনেকৈ প্ৰস্তুত হ’ব লাগে সেই বিষয়ে এই পুস্তিকাখনে আমালোকক কৈছে।

প্ৰকাৰ

Tract

প্ৰকাশক

Sharing Hope Publications

সহজ লভ্য

22 ভাষা

পৃষ্ঠা

6

ডাউনলড

অধিক আৰাম পাবলৈ ৰমনদ্বীপে তাৰ বৃদ্ধ শৰীৰটোক ইকাতি সিকাতি কৰি আছিল। আজি কালি তাৰ গাঠিৰ বিষবোৰ বেছি হবলৈ ধৰিছে, আৰু যেতিয়া সি বাহিৰৰ ধাননি পথাৰ খনলৈ চাইছিল তেতিয়া তেওঁৰ দেখাত সকলোবোৰ অস্পষ্ট যেন লাগিছিল। তেওঁৰ বোৱাৰীয়েকে ৰন্ধা বঢ়া কৰাৰ শব্দ তেওঁ শুনি পাইছিল, আৰু তেওঁ শংকিত হৈছিল কিজানিবা তেওঁৰ পৰিয়ালটিয়ে তেওঁক এটা বোজাস্বৰূপে চাইছে। বৃদ্ধাৱস্থা এটা সহজ কথা নহয়, নিজৰ বাবেও নহয়, যত্ন লোৱা সকলৰ বাবেও নহয়।

যেতিয়া তেওঁৰ বয়স কম আছিল আৰু মন্দিৰলৈ খোজ কাঢ়ি যাব পৰা আছিল তেতিয়া তেওঁৰ গুৰুৱে কোৱা যি কথা তেওঁ শুনিছিল সেই বিষয়ে তেওঁ চিন্তা কৰিছিল। তেওঁৰ গুৰুৱে কৈছিল যে জগতত চাৰিটা যুগ আছে—প্ৰতিটো যুগ ক্ৰমান্বয়ে বেয়াৰ পৰা বেয়ালৈ গতি কৰি আছে। অন্তিম যুগটো হৈছে—কলিযুগ—আটাইতকৈ অধম যুগ, সম্পূৰ্ণ পাপ, বিলায় বিপত্তি আৰু অন্ধকাৰেৰে পৰিপূৰ্ণ। ৰমনদ্বীপে দীঘল হুমুনিয়াহ কাঢ়িছিল। বৃদ্ধাৱস্থা কিছু পৰিমানে হয়তো কলিযুগৰ নিচিনাই—এসময়ৰ সকলোবোৰ উত্তম অৱস্থাৰ এটা অন্তিম অধোগামী ক্ষয়প্ৰাপ্ত অৱস্থা। মানুহবোৰ ভুমিকম্পত, বেমাৰ আজাৰত, হত্যাকাৰীৰ হাতত আৰু যুদ্ধ বিগ্ৰহত কেনেকৈ মৰিয়েই আছে, সেইবোৰৰ বাতৰি তেওঁ শুনিছিল। যি সকল মৰা নাছিল সিহঁত হৈ পৰিছিল জড়বাদী, নাস্তিক, বিমৰ্ষ আৰু অনৈতিক।

কেতিয়াকৈনো বাৰু এই দুখভৰা জগতখনৰ অন্ত পৰিব? তেওঁৰ বৃদ্ধ শৰীৰটো—আৰু অৱক্ষয় হোৱা পৃথিৱীখন—পুনঃজন্ম লাভ কৰিব নে?

পৃথিবীখনৰ ভৱিষ্যতৰ ভৱিষ্যৎবাণী

এজন ঐশ্বৰিক ভৱিষ্যত বক্তাক মই আপোনাৰ সৈতে চিনাকি কৰি দিবলৈ বিচাৰো, যি জনাৰ ভৱিষ্যত সম্বন্ধে দিয়া চিনবোৰক মই আশঙ্কাহীন ভাৱে বিশ্বাস কৰো। সেই জনা হৈছে প্ৰভু যীচু খ্ৰীষ্ট। তেওঁ পৃথিবীত এজন মানুহ হিচাপে আহিছিল, লোক সমূহক সুস্থ কৰিছিল আৰু স্বৰ্গ ৰাজ্যত তেওঁবিলাকে কেনেকৈ প্ৰৱেশ কৰিব পাৰিব সেই বিষয়ে প্ৰত্যেককে কৈছিল। ৩৩ বছৰ বয়সত, তেওঁ তেওঁৰ জীৱনটোক এটা বলি স্বৰূপে উচ্ছৰ্গা কৰিছিল। তাৰ পিছত আচৰিত ধৰনে, মৃত্যুৰ পৰা পুনৰুত্থিত হৈছিল! তেওঁ কৈছিল যে যদি আমি তেওঁক বিশ্বাস কৰো আৰু তেওঁৰ বাধ্য হওঁ, তেন্তে তেওঁৰ বলিদানে পাপ প্ৰায়শ্চিত কৰিব আৰু আমালোকক উদ্ধাৰ কৰিব।

প্ৰভু যীচুৱে আমাৰ পৃথিবীখনৰ ভৱিষ্যতৰ বিষয়ে কৈছিল আৰু তেওঁ দাবী কৰিছিল যে তেওঁ এই বৰ্ত্তমানৰ অধাৰ্ম্মিকতাৰ দিনবোৰৰ অন্ত পেলাব। তেওঁৰ পুস্তক, বাইবেলখন, সম্পূৰ্ণ ভাৱবাণীৰে পৰিপূৰ্ণ। আমি তেওঁৰ ভৱিষ্যৎ বাণীবোৰৰ প্ৰতি মনোযোগ দিয়া উচিত, কাৰন ইয়াৰ দ্বাৰাহে আমি অন্তিম দিন ওচৰ চপাৰ কথা জানিব পাৰো।

পৃথিবীৰ অন্ত

এদিনাখন, প্ৰভু যীচুৰ এজন ছাত্ৰই তেওঁক সুধিছিল, “আপুনাৰ আগমনৰ আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?” (বাইবেল, মথি ২৪:৩) প্ৰভু যীচুৱে তেওঁলোকক কৈছিল যে এই জগতৰ অন্ত পৰাৰ আগে আগে অনেক চিন দেখা যাব যিবোৰে আমাক তেওঁৰ আগমণৰ কথা জনাত সহায় কৰিব। এই চিনবোৰৰ ভিতৰত আছে:

ভাৰিকোৱা ত্ৰানকৰ্ত্তা। প্ৰভু যীচুৱে কৈছিল, “কোনেও যেন তোমালোকক নুভুলায়, তালৈ সাৱধান হোৱা। কিয়নো অনেকে মোৰ নামেৰে আহি, 'মই খ্ৰীষ্ট' বুলি অনেকক ভুলাব” (মথি ২৪ঃ৪-৫)। ছদ্মবেশ ধৰি নিজকে প্ৰভু যীচু বুলি দাবী কৰা সকলৰ দ্বাৰাই আমি প্ৰৱঞ্চিত নোহোৱাকৈ থাকিব লাগিব। তেওঁৰ প্ৰকৃত আগমণক পৃথিবীৰ চৌদিশে দেখিবলৈ পোৱা যাব—“যেনেকৈ বিজুলীয়ে পূবৰ পৰা পশ্চিমলৈকে পোহৰ প্ৰকাশিণ কৰে” (মথি ২৪ঃ২৭)—আৰু অতিশয় ভয়ানক আৰু আচৰিত ধৰণৰ মহামাৰীৰ দ্বাৰাই সমগ্ৰ পৃথিবীখন জোকাৰি যোৱাৰ পিছতহে এইটো ঘটিব।

ৰণৰ কথা আৰু যুদ্ধৰ সম্ভৱনাৰ বাতৰি। প্ৰভু যীচুৱে কৈছিল, “তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা। সাৱধান হোৱা, ব্যাকুল নহবা; কিয়নো এইদৰে ঘটিব লাগে; তেতিয়াও শেষ নৌ হয়। জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব” (মথি ২৪ঃ৬-৭)। এই জগতৰ অন্তিম সময়ত উপস্থিত হোৱাৰ লগে লগে, যুদ্ধ বিগ্ৰহবোৰ সঘনাই ঘটিব আৰু সেয়াও অধিক মাৰাত্মক ৰূপত। 

আকাল, ভুমিকম্প আৰু মহামাৰী। তেওঁ ভৱিষ্যবাণী কৰা তৃতীয়টো চিন আছিল যে “বিভিন্ন ঠাইত আকাল, মহামাৰী আৰু ভুমিকম্প হব। এই সকলো যাতনাৰ আৰম্ভণহে মাথোন” (মথি ২৪ঃ৭-৮)। শতিকাৰ আৰম্ভণিৰ পৰা আকালত ২০ মিলিয়নতকৈ অধিক লোক কষ্ট সহিব লগীয়া হৈছে। ২০১৫ চনত নেপালত হোৱা ভুমিকম্প, য’ত ৮০০০ লোকৰ মৃত্যু হৈছিল ইতিহাসৰ আটাইতকৈ প্ৰাণঘাতকৰ ভিতৰত এটা আছিল। বেমাৰ আজাৰে অগণন লোকৰ প্ৰাণ কাঢ়ি নিছে। নিশ্চয়কৈ, প্ৰভু যীচুৱে ভৱিষ্যত বাণী কৰা ঘটনাবোৰক আমি দেখা পাই আছো। 

নৈতিক অধঃপতন। প্ৰভু যীচুৱে কৈছিল, “অধৰ্ম্ম অধিক হোৱাত, অনেকৰ প্ৰেম চেচা হৈ যাব” (মথি ২৪ঃ১২)। হিচাপ কৰি চোৱা হৈছে যে ভাৰতত প্ৰতিটো দিনত গড়ে ৯১ টা ধৰ্ষণ কাণ্ড আৰু ৭৯ টা হত্যা সংঘটিত হয়। মানুহবোৰ ইমানেই স্বাৰ্থপৰ হৈ গৈ আছে যে তেওঁবিলাকৰ কাৰু কাৰ্য্যবোৰে যে আনক আঘাত হানিব পাৰে তাৰ প্ৰতি তেওঁবিলাকে কেৰেপ নকৰা হল।

প্ৰভু যীচুৱে এই আটাইবোৰ চিনৰ বিষয়ে আগতীয়াকৈ জনাইছে যিবোৰ তেওঁ প্ৰতাপৰ মেঘ ৰথত নামি অহাৰ আগে আগে ঘটিব। এই চিনবোৰ ঘটি থকা যেতিয়া আমি দেখো, আমি জানিব পাৰো যে তেওঁৰ ভৱিষ্যত বাণীবোৰ সত্য আৰু তেওঁৰ আগমনো অতি সন্নিকট!

প্ৰভু যীচুৰ আগমণৰ বাবে যুগুত হোৱা!

স্বাৰ্থপৰ, গৰ্ব্ব অহংকাৰ আৰু অনৈতিকতাত যিবিলাকে জীয়াই আছে তেওঁবিলাকে প্ৰভু যীচুৰ আগমণত সুখী নহব। আচলতে, তেওঁ যেতিয়া মেঘৰে সৈতে নামি আহিব, সিহঁতৰ আটাইবোৰ কূ-কৰ্ম্ম এটা ধ্বংশকাৰী মূহুৰ্ত্ততে সিহঁতৰ ওপৰত পৰিব। সিহঁতে তেওঁৰ পৰা লুকাবলৈ যত্ন কৰিব আৰু কান্দি কান্দি শিল আৰু পৰ্ব্বতবোৰক কব, “আমাৰ ওপৰত পৰি, সেই সিংহাসনত বহি থকা জনাৰ সন্মুখৰ পৰা লুকুউৱা!” (বাইবেল, প্ৰকাশিত বাক্য ৬ঃ১৬)।

কিন্তু প্ৰভু যীচুৰ বলিদানত যি সকলে বিশ্বাস আৰু আস্থা ৰাখিছে, তেওঁবিলাকে সেই সময়ত, এক পলকতে পৰিবৰ্তিত হব আৰু তেওঁবিলাকক নতুন আৰু অমৰণশীলতাৰ শৰীৰ প্ৰদান কৰা হব। তেওঁবিলাকে মেঘলৈ উঠি যাব আৰু অনন্ত কালৰ নিমিত্তে পতিত পৃথিবীখনৰ পৰা মুক্তি পাব। অনন্তকাল আনন্দিত হৈ থকা সেই ব্যক্তি সকলৰ মাজৰ এজন যদি আপুনিও হবলৈ খোজে, তেন্তে আজিয়েই আপুনি এই সৰল প্ৰাৰ্থনাটি কৰিব পাৰে:

মৰমীয়াল সৃষ্টিকৰ্ত্তা ঈশ্বৰ, মই বিশ্বাস কৰিছো যে প্ৰভু যীচু অতি শীঘ্ৰেই আহি আছে। প্ৰভু যীচুক জানিবলৈ আৰু বিশ্বাস কৰিবলৈ অনুগ্ৰহ কৰি মোক এতিয়াই শিকাওক যাতে স্বৰ্গলৈ তুলি নিয়া সকলৰ মাজৰ ময়ো এজন হব পাৰো। আমেন।

ভৱিষ্যতৰ বিষয়ে জনোৱা প্ৰভু যীচুৰ ভৱিষ্যত বাণীৰ সম্বন্ধে যদি আপুনি অধিক জানিবলৈ বিচাৰে তেন্তে সিপিঠিত দিয়া সম্ভেদৰ যোগেদি আমাৰে সৈতে যোগাযোগ কৰক।

Copyright © 2023 by Sharing Hope Publications. অ-ব্যৱসায়িক উদ্দেশ্যত অনুমতিৰ অবিহনে ছপা আৰু বিতৰণ কৰিব পাৰিব ।
উদ্ধৃত সকলোবোৰ শাস্ত্ৰপদ পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে, বাইবেল চচাইটি অফ ইণ্ডিয়া - অসমীয়া - (অ.ভি.) সোধপোছ কৰি বাইবেল চচাইটি অফ ইণ্ডিয়াৰ দ্বাৰাই ছপা কৰি উলিওৱা হৈছে। অনুমতি সাপেক্ষে ব্যৱহাৰ কৰা হৈছে। সকলো স্বত্ব সংৰক্ষিত।