মোৰ দূখৰ বাবে ন্যায়

মোৰ দূখৰ বাবে ন্যায়

সাৰাংশ

দুখ-কষ্ট সদাকাল নাথাকিব। এই পুস্তিকাখনে ধৰ্ষণৰ বলি হোৱা এজনী সংগ্ৰামীৰ বিষয়ে কৈছে, তাই অধাৰ্ম্মিক সকলৰ ওপৰত সৃষ্টিকৰ্ত্তা ঈশ্বৰে আনি থকা অন্তিম ন্যায় বিচাৰৰ বিষয়ে চিন্তা কৰিছে। যীচুৱে কেনেকৈ কপটীয়া ধৰ্ম্ম গুৰুসকলক নিন্দা কৰিছে আৰু যি সকলে দুখ-কষ্ট ভোগ কৰিছে তেওঁলোকৰ সপক্ষে কি সোধবিচাৰৰ প্ৰতিজ্ঞা কৰিছে, সেইবোৰৰ বিষয়ে ই ব্যাখ্যা কৰিছে। কিন্তু যদি আমি ভুল কৰিছো, তেন্তে প্ৰভু যীচু খ্ৰীষ্টই আমাৰ বাবে যি দুখ-কষ্ট সহ্য কৰিছিল, তাৰ দ্বাৰাই আমি ক্ষমা পোৱাৰ উপায়ো আছে।

ডাউনলড

বিমলাই বিচনাত বহি পৰিছিল, তাইৰ হিয়াখন ধপ ধপাইছিল। আকৌ এটা বেয়া সপোন! কিছুদিনৰ অন্তৰে অন্তৰে, সেই ভয়ানক স্মৃতিবোৰে তাইৰ সপোনত দেখা দিছিল—এজন ব্যক্তিৰ স্মৃতি যি জনে তাইৰ সুবিধা লৈছিল যেতিয়া তাইৰ বয়স আছিল ১২ বছৰ।

বিমলাই সেই দিনটোৰ কথা পাহৰিব পৰা নাছিল। তাই লজ্জাবোধ আৰু ঘৃণা অনুভৱ কৰিছিল আৰু তাই বেদনাৰ যি ভাৰ কঢ়িয়াই লৈ ফুৰিছিল তাক কাকো কোৱা নাছিল। বিমলা বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিছিল, কিন্তু সেই বেয়া সপোনটো তাইৰ লগ এৰা নাছিল। তাই সেই মানুহ জনক ঘৃণা কৰিছিল আৰু আশা কৰিছিল যে সি শাস্তি পোৱাৰ যোগ্য।

কঠিন প্ৰশ্নবোৰ

প্ৰশ্নবোৰৰ বাবে বিমলাৰ মন ভাৰাক্ৰান্ত হৈছিল। তাইৰ ধৰ্ষণকাৰীয়ে কৰ্ম্মৰ যোগেদি ন্যায় পাবনে? তাইৰ নগৰ খনত সকলোৰে জনাজাত তেওঁ এজন ধাৰ্ম্মিক মানুহ আছিল। লোকবিলাকৰ বাবে তেওঁ অনেক ভাল কাম কৰিছিল, প্ৰায়েই লঘোণ দিছিল, আৰু দেৱ-দেৱীৰ প্ৰতি মহা ভক্তি প্ৰদৰ্শণ কৰিছিল। তেওঁৰ সকলো ভাল কামৰ সৈতে এটা কু-কৰ্ম্মক তুলনা কৰিলে কিবা এটা পাৰ্থক্য আনিব নেকি? কৰ্ম্মৰ নিয়মবোৰে কেনেকৈ কাম কৰে তাই তাক জনা নাছিল, কিন্তু তাই জানিছিল যে তেওঁৰ দুষ্টতাই তাইৰ বাবে এটা পৰিৱৰ্ত্তন আনিছে। বিমলাই নিজৰ বেদনা পাহৰিব পৰা নাছিল। 

ন্যায় লাভ

বিমলাৰ এজনী সহপাঠী, চাইৰাৰ এটা সংস্থাৰ সৈতে অন্তৰঙ্গতা আছিল যি প্ৰয়োজনৰ সময়ত মহিলা সকলক সহায় কৰিছিল। এদিনাখন, চাইৰাই তাইক সেই কেন্দ্ৰটো চাবলৈ মাতি পঠিয়াইছিল যি বিধবা, অত্যাচাৰ পোৱা আৰু ধৰ্ষিতা মহিলা সকলক সহায় কৰিছিল। বিমলা নাৰ্ভাচ হৈছিল আৰু ভয় কৰিছিল জানোচা তাইৰ ঘৃণনীয় গোপনীয়তাক কোনোবাই গম পায় যায়। কিন্তু চাইৰাক ইমান মৰমীয়াল যেন লাগিছিল যে বিমলাই যাবলৈ সিদ্ধান্ত লৈছিল। গৈ থাকোতে, চাইৰাই তাইক যোৱা কিছুদিন ধৰি সিহঁতে দেখি অহা কিছুমান আঘাতিত মহিলাৰ বিষয়ে কৈছিল।

“তুমি কেতিয়াবা এনে মহিলাক দেখিছানে যি গুৰুৰ দ্বাৰাই লাঞ্চিত হৈছে?” বিমলাই লাজ লাজকৈ সুধিছিল।

“হয়, মাজে সময়ে দেখিছো” চাইৰাই উত্তৰ দিছিল। “এয়া অতিশয় দুখজনক। ধাৰ্ম্মিক বুলি কোনোবাই দাবী কৰিলেই সি ঈশ্বৰৰ সৈতে সংযুক্ত হৈ থকা নুবুজাই।”

“একেবাৰেই সত্য------”

“মোৰ গুৰু, সেই মহাগুৰু জনাই কৈছিল যে আমালোকৰ দিনতে হেনো ধৰ্ম্মীয় জগতখন অতিশয় ভ্ৰষ্ট অনাচাৰী হব। আমি এই ভ্ৰষ্ট অনাচাৰী ধৰ্ম্মৰ পৰা আতৰি আহিবই লাগিব আৰু সৃষ্টিকৰ্ত্তা ঈশ্বৰৰ সৈতে একাত্ম হব লাগিব। তেওঁ আমাক পবিত্ৰ হৃদয় দান কৰিব আৰু আমাৰ কু-কৰ্মবোৰৰ বাবে আমাক ক্ষমা কৰিব। তেতিয়া আমি সেই লোকসকলৰ মাজত স্থান পাম যি সকলে ঈশ্বৰে এক সম্পূৰ্ণ নিখুঁত কৰি পুনৰাই সৃষ্টি কৰা গ্ৰহটোক দেখিব য’ত আৰু কোনো বেয়া দুষ্ট মানুহ নেথাকিব।”

“শুনিবলৈ বৰ ভাল লাগিছে। তোমাৰ গুৰু জন কোন নো বাৰু?”

“মই প্ৰভু যীচু খ্ৰীষ্টৰ অনুগামী। তেওঁ এজন মহান শিক্ষক, কিন্তু তেওঁ ঈশ্বৰ অৱতাৰীও। তুমি তেওঁৰ বিষয়ে জানা নেকি?”

“বোধকৰো মই তেওঁৰ কিছুমান ছবি বজাৰত দেখিছো, কিন্তু তেওঁৰ বিষয়ে মই বেছিকৈ একো নেজানো। ইয়াৰ ওপৰিও তেওঁ আৰু কি কৈছিল বাৰু?”

বাচখন ৰাস্তাৰ দাঁতিত ৰৈ গৈছিল। “আঁহা বাচৰ ভিতৰত উঠি লওগৈ”, চাইৰাই কৈছিল, “আৰু তাৰ পিছত বাকী বহু কথা মই তোমাক কম।”

আত্মিক ভণ্ডামী (কপটাচাৰণ)

বিমলা আৰু চাইৰাই বাচত উঠিছিল আৰু চিটত একেলগে বহিছিল।

তেতিয়া চাইৰাই কৈছিল, “ধৰ্ম্মীয় ভণ্ডামীৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে যীচুৱে বহু কথা কৈছিল।” তাই তাইৰ টকাৰ বেগটোৰ পৰা যীচু খ্ৰীষ্টৰ এখন সৰু কিতাপ উলিয়াইছিল আৰু খুলি ইয়াৰ পাত লুটিয়াইছিল। “চোৱা ইয়াত কি কৈছে” তাই দেখুৱাই দিছিল। বিমলাই পঢ়িছিল,

হায় হায় কপটীয়া অধ্যাপক, আৰু ফৰীচিবিলাক! তোমালোকে বাঁৰীবিলাকৰ ঘৰ-বাৰী গ্ৰাস কৰা আৰু দীঘল প্ৰা্ৰ্থনাৰে ছদ্মবেশ ধৰা, এই হেতুকে তোমালোকে অধিক দণ্ড পাবা (বাইবেলৰ, মথি ২৩:১৪)।

“অধ্যাপক আৰু ফৰীচিবিলাক কোন নো বাৰু?” তাই সুধিছিল।

“প্ৰভু যীচুৰ সময়ত তেওঁলোক গুৰুৰ লেখিয়া আছিল” চাইৰাই বৰ্ণাই কৈছিল, “কিন্তু তেওঁলোক অতিশয় দুষ্ট অনাচাৰী আছিল।” বিমলাই মূৰ দুপিয়াইছিল আৰু পঢ়ি গৈছিল।

হায় হায় কপটীয়া অধ্যাপক, আৰু ফৰীচিবিলাক! তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোক বাটি-কাঁহীৰ বাহিৰ ফাল নিকা কৰা, কিন্তু ভিতৰ ফাল অপহৰণ আৰু অপৰিমিততাৰে পৰিপূৰ্ণ। হে অন্ধ ফৰীচী, আগেয়ে বাটি-কাঁহীৰ ভিতৰ ফাল নিকা কৰা, তেহে তাৰ বাহিৰ ফালো নিকা হব (মথি ২৩:২৫-২৬)।

অনন্ত সোধবিচাৰ

“সৃষ্টিকৰ্ত্তা ঈশ্বৰে আমাক সাৱধান হবলৈ কৈছে কাৰন আজিও আমাৰ মাজত আত্মিক ভণ্ডামি বা কপটাচাৰন চলি আছে” চাইৰাই কৈছিল। “প্ৰভু যীচুৰ পুস্তকখনে কৈছে যে আমালোকৰ দিনত জগতখন, এনেকি ধৰ্ম্মীয় পদ্ধতিবিলাক অতিমাত্ৰা দূষিত আৰু অনাচাৰী হব। কিন্তু দুষ্ট অনাচাৰী বিলাকক ঈশ্বৰে বিচাৰ কৰিব যেতিয়া তেওঁ পৃথিবীখনক নতুনকৈ আকৌ এবাৰ সৃষ্টি কৰিব।”

“তেওঁ ঠিক কেনেকৈ বিচাৰ কৰিব বুলি তুমি ভাবা?” বিমলাই সুধিছিল। 

চাইৰাই ব্যাখ্যা কৰি কৈছিল যে, প্ৰভু যীচুৰ পুস্তকখনে কৈছে যে এখন পুস্তকত ঈশ্বৰে প্ৰত্যেকৰে ভাল আৰু বেয়া আটাইবোৰ কৰ্ম্মৰ হিচাপ ৰাখিছে। “এই যুগৰ শেষত, প্ৰভু যীচু খ্ৰীষ্ট মেঘ ৰথত নামি আহিব। প্ৰত্যেকেই তেওঁক দেখিব। সেই পুস্তকখনত লিখি থোৱাৰ দৰে তেওঁ আমাৰ প্ৰত্যেককে বিচাৰ কৰিব।” 

বিমলাই কুমন্ত্ৰনা কৰিছিল। “কিন্তু আমি আমাৰ বেয়া কাৰ্যবোৰক লৈ কি কৰিব লাগিব বাৰু?” তাই সুধিছিল।

চাইৰাই মিচিকিয়াই হাঁহিছিল আৰু সিহঁতৰ গন্তব্য স্থান আহি পোৱাত বাচৰ পৰা নামি গৈছিল। “সেই খিনিয়েই সৰ্ব্বোত্তম অংশ। পাপৰ বলিদান স্বৰূপে প্ৰভু যীচুৱে মৃত্যুবৰন কৰিছিল আৰু তাৰ পাছত পুনৰুত্থিত হৈছিল। তেওঁঁ প্ৰতিজ্ঞা কৰিছে যে যদি আমি আমাৰ পাপবোৰ স্বীকাৰ কৰো আৰু তেওঁত বিশ্বাস কৰো, তেন্তে তেওঁৰ জীৱন বলিদানৰ ভাল কাৰ্য্য ইমানেই শক্তিশালী যে সেই পুস্তকখনৰ পৰা আমাৰ লিপিবদ্ধ কৰা আটাই কু-কাৰ্যবোৰ ই মচি পেলাব।” 

সৰ্ব্বোত্তম সোধবিচাৰৰ বাণী

তেওঁবিলাকে সেই কেন্দ্ৰত গৈ পাইছিল যত অৱহেলিত মহিলা সকলক সেৱা সুশ্ৰষা কৰা হৈছিল। আহাৰ খাবলৈ বাহিৰত ৰৈ থকা দুখীয়া, হাড়ে ছালে লগা বিধৱা সকললৈ বিমলাই চাইছিল। ভিতৰত সোমায়েই তাই এজনী মধ্যবিত্ত শ্ৰেণীৰ মহিলা দেখিছিল, যি জনীয়ে এখন কলা ৰঙৰ চছমা পিন্ধি নিজকে লুকুৱাবলৈ চেষ্টা কৰিছিল। পুতৌ সহানুভূতিৰে বিমলাৰ হিয়াখন কোচ খায় গৈছিল। তাই একমাত্ৰ আঘাতিত মহিলা নহয়!

চাইৰাই তাইক লক্ষ্য কৰিছিল। “তুমি ঠিকেই আছাতো?”

“হয়, মই ঠিকেই আছো” বিমলাই উত্তৰ দিছিল। “কিন্তু মই ভাৱিছো যে আমাৰ বিচাৰক হিচাপে প্ৰভু যীচু অতি সোনকালে অহাটো দৰকাৰী। নৰাধম লোকসকলক নাইকীয়া কৰিবলৈ গৈ আছে আৰু উত্তম লোকসকলক সদাকাল জীয়াই থাকিবলৈ এখন সুন্দৰ ঠাইলৈ লৈ যাব, যদি এইটো সত্য হয় তেন্তে এইটো হৈছে সৰ্ব্বশ্ৰেষ্ঠ সোধবিচাৰ ইয়াৰ বিষয়ে মই প্ৰথমবাৰ শুনিছো!”

প্ৰভু যীচুৰ পুস্তকখনৰ বিষয়ে আপুনি যদি অধিক জানিবলৈ বিচাৰে, তেন্তে অনুগ্ৰহ কৰি সিপিঠিত দিয়া সম্ভেদৰ যোগেদি আমাৰে সৈতে যোগাযোগ কৰক।

Copyright © 2023 by Sharing Hope Publications. অ-ব্যৱসায়িক উদ্দেশ্যত অনুমতিৰ অবিহনে ছপা আৰু বিতৰণ কৰিব পাৰিব ।
উদ্ধৃত সকলোবোৰ শাস্ত্ৰপদ পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে, বাইবেল চচাইটি অফ ইণ্ডিয়া - অসমীয়া - (অ.ভি.) সোধপোছ কৰি বাইবেল চচাইটি অফ ইণ্ডিয়াৰ দ্বাৰাই ছপা কৰি উলিওৱা হৈছে। অনুমতি সাপেক্ষে ব্যৱহাৰ কৰা হৈছে। সকলো স্বত্ব সংৰক্ষিত।

আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক

নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!

newsletter-cover