
ক্ষমা বিচাৰি পোৱা
সাৰাংশ
জীৱনত আমি সকলোৱে ভুল কৰোঁ। কৰ্মৰ প্ৰতিফলৰ বাবে আমি অপেক্ষা কৰিব লাগিব নে, অথবা ঐশ্বৰিক ক্ষমা বুলি কিবা এটা আছে? এই পুস্তিকাখনে যীচুৰ অপব্যয় পুত্ৰৰ দৃষ্টান্তটোক এটা থলুৱা ভাষাত কৈছে, য’ত দেখুওৱা হৈছে যে সৃষ্টিকৰ্তা ঈশ্বৰে পাপীসকলক কেনেকৈ দুবাহু মেলি আদৰি লয় আৰু নিমিষতে গোটেই জীৱন কৰি অহা পাপক ক্ষমা কৰিব পাৰে।
প্ৰকাৰ
Tract
প্ৰকাশক
Sharing Hope Publications
সহজ লভ্য
8 ভাষা
পৃষ্ঠা
6
প্ৰতাপ এজন ধনী জমীদাৰৰ পুত্ৰ আছিল। তেওঁবিলাকে এটা প্ৰকাণ্ড ঘৰত বাস কৰিছিল আৰু অনেক চাকৰ আছিল। প্ৰতাপে সদায় উত্তম সাজপোচাক, আহাৰ, আৰু শিক্ষা লাভ কৰিছিল-সি জানিছিল তাৰ পিতৃমাতৃয়ে তাক খুুুউব প্ৰেম কৰে, বিশেষকৈ তাৰ পিতৃয়ে।
কিন্তু প্ৰতাপ যেতিয়া ডাঙৰ হৈছিল, সি সলনি হবলৈ ধৰিছিল। পুৰণি পথবোৰ তাৰ বাবে আৰু আকৰ্ষণীয় হৈ থকা নাছিল। পিতৃৰ ঘৰ আৰু পিতৃৰ পথবোৰক বাধাজনক বুলি অনুভৱ কৰিবলৈ ধৰিছিল। প্ৰতাপে স্বাধীনতা বিচাৰিছিল।
এদিনাখন, প্ৰতাপে এটা বিশেয অনুৰোধ কৰিবলৈ তাৰ মাকক পিতৃৰ ওচৰলৈ যাবলৈ কাকুতি-মিনতি কৰিছিল। যেতিয়া সি কি বিচাৰে সেই কথা তাইক কৈছিল, তাই ভয়ত কোঁচ-মোঁচ খাইছিল। কিন্তু তাই কবলৈ মান্তি নোহোৱা পৰ্যান্ত সি তাইক জোৰ কৰি আছিল। এইটো কৰিবলৈ ভালেমান দিন লৈছিল, কিন্তু অৱশেযত তাই কান্দি-কান্দি উভতি আহিছিল।
“তেওঁ ইয়াক কৰিব” তাই কৈছিল, কিন্তু তাইৰ পুত্ৰৰ মুখলৈ চাব পৰা নাছিল। “তেওঁ আমাৰ সম্পতিৰ আধাখিনি বিক্ৰী কৰিব আৰু তোমাৰ ভাগখিনি তোমাক দিব। কিন্তু কিয়, হে মোৰ পুত্ৰ? কিয়?”
প্ৰতাপে অকনমান দুখ অনুভৱ কৰিছিল, কিন্তু সি উত্তেজনাও অনুভৱ কৰিছিল। তাৰ ভবামতে কাম হৈছিল। তেওঁ দেউতাকৰ ধনৰ পৰা নিজৰ অংশ লাভ কৰিব যাতে তেওঁ বিচৰা ধৰণে জীৱনটো উপভোগ কৰিব পাৰে।
বন্য জীৱন
প্ৰতাপ ডাঙৰ চহৰলৈ গুচি গৈছিল। সি এটা দামী ঘৰ ভাড়াত লৈছিল আৰু নতুন-নতুন বন্ধুত্ব গঢ়ি তুলিছিল। অতি সোনকালে সি পাৰ্টী দিয়া আৰম্ভ কৰিছিল যিয়ে নেকি ধনী আৰু বিখ্যাত লোক সকলক আকৰ্ষিত কৰিছিল। সি গাড়ী মটৰ কিনিছিল, সুন্দৰী নাৰীৰ সৈতে শয়ন কৰিছিল, আৰু দামী ৰেষ্টুৰেন্টত খাদ্য খাইছিল। তেওঁ বিচাৰি থকা সকলোবোৰ এতিয়া তেওঁৰ হাতৰ মুঠিতে আছিল।
কিন্তু এদিন, প্ৰতাপৰ টকা পইচাবোৰ শেষ হৈ গৈছিল। অৰ্থ সংকটত ভুগি, সি তাৰ কিছুমান নতুন বন্ধুবিলাকৰ পৰা কিছু টকা ধাৰলৈ খুজিছিল, কিন্তু সিহঁতে অকস্মাতে যোগাযোগ বন্ধ কৰি দিছিল। সি তাৰ ভাৰাবোৰ পৰিশোধ কৰিব নোৱাৰা হৈছিল। অৱশেষত, ঘৰৰ মালিকে তাক ঘৰৰ পৰা উলিয়াই দিছিল। টকা পইচা আৰু বন্ধুৰ অবিহনে, সি কলৈ যাব?
বিমোৰত আৰু চিন্তিত হৈ প্ৰতাপে নগৰৰ ইফালে সিফালে ঘুৰি ফুৰিছিল। সূৰ্য্য অস্ত গলেই, সি ভয় অনুভৱ কৰিবলৈ ধৰিছিল। সি ক’ত শুব? সি কি খাব? তেওঁৰ জীৱনত প্ৰথম বাৰৰ বাবে, প্ৰতাপে ৰাস্তাত শুইছিল, ভোকত তাৰ পেটে শব্দ কৰিছিল।
অনুশোচনাৰ সন্মুখীন হোৱা
ইয়াৰ পিছৰ কেইবা দিনো, প্ৰতাপে মহানগৰত এটা কাম পাবলৈ আপ্ৰান চেষ্টা কৰিছিল। ৰাস্তাত শুই থকাৰ বাবে তেওঁক জুৰুলা যেন লাগিছিল, গতিকে এখন জৰাজীৰ্ণ ৰেষ্টুৰেণ্টৰ মেনেজাৰৰ বাহিৰে আন কোনেও তেওঁক কাম দিয়া নাছিল। প্ৰতাপে ঘন্টা ধৰি ঘন্টা কাম কৰিছিল, গ্ৰাহক সকললৈ আহাৰ যোগাইছিল আৰু ইখনৰ পিছত সিখন টেবুল চাফা কৰিছিল। সি বৰ ভোক আৰু ভাগৰ অনুভৱ কৰিছিল। সি আচৰিত হৈছিল যে এজন ধনী মানুহৰ পুত্ৰই, আনৰ বাবে আহাৰ বিলোৱাৰ দৰে কাম কৰাটো কেনেকৈ সম্ভৱ হব পাৰে! ৰেষ্টুৰেন্ট খনৰ পৰা যেতিয়াই শেষৰ জন গ্ৰাহক গুচি যায়, সি তেতিয়া বাচন বৰ্তন ধোৱাত সহায় কৰিবলৈ পাক ঘৰলৈ গৈছিল। জুঠা আধা খোৱা ৰুটি থকা এখন প্লেট লেতেৰা বস্তুৰ কাষত সি দেখা পাইছিল। সি ইমানেই ভোকত আছিল যে সি ইয়াক তুলি খাবলৈ প্ৰায় প্ৰস্তুত হৈছিল।
মোৰ কি ভুল হল? সি নিজকে নিজে তিৰস্কাৰ কৰিছিল। মোৰ পিতৃৰ ঘৰত এনেকি চাকৰ সকলে পেট পুৰাই খোৱাৰ পিছতো, আৰু অতিৰিক্ত ৰুটি ৰৈ যায়। আৰু মই ইয়াত, আনৰ জুঠা ৰুটি খাবলৈ প্ৰলোভিত হৈছো!
কাঁহি বাটিৰ দম টোলৈ সি একেথৰে চাই আছিল আৰু বহু সময় ধৰি চিন্তা কৰিছিল।
মই কি কৰিম তাক মই জানো, সি চিন্তা কৰিছিল। মই মোৰ পিতৃৰ ওচৰলৈ ঘুৰি যাম আৰু তেওঁক কম, “হে পিতৃ, মই আপোনাৰ অহিতে আৰু ঈশ্বৰৰ অহিতে পাপ কৰিলো। আপোনাৰ পুত্ৰ বুলি মতাৰ মই আৰু যোগ্য নহও। অনুগ্ৰহ কৰি মোক আপোনাৰ ভাড়াতীয়া চাকৰৰ এজন কৰি লওক।”
কাঁহি বাটি এখনো নোধোৱাকৈ, প্ৰতাপে ৰেষ্টুৰেন্ট খনৰ পৰা ওলাই আহিছিল আৰু নিজ ঘৰলৈ ৰাওনা হৈছিল।
ঘৰলৈ উভতি অহা
ঘৰলৈ যাওঁতে প্ৰতাপৰ বহু কথাই ভাবিবলগীয়া আছিল। তেওঁক দেখি দেউতাকে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? সি গৈ পায় কি ক’ব তাক সি আখৰা কৰিছিল, কিন্তু ই তাৰ মনটোক একো ভাল লগোৱা নাছিল৷। অৱশেষত, এক দীঘলীয়া যাত্ৰাৰ অন্তত, সি দূৰৰ পৰা তাৰ পিতৃৰ ঘৰখন দেখিবলৈ পাইছিল। সি লাহেকৈ খোজ কাঢ়ি ৰাস্তাৰ ওপৰলৈ উঠি আহিছিল।
অকস্মাতে, এটা ডাঙৰ মাত সি শুনিবলৈ পালে। স্বভাৱত তেওঁৰ পিতৃ, অতি শান্ত আৰু গম্ভীৰ লোক আছিল, ঘৰৰ পৰা দৌৰি ওলাই আহিছিল। তেওঁ প্ৰতাপৰ ওচৰলৈ আহিছিল আৰু তাক সজোৰে সাৱটি লৈছিল। প্ৰতাপে, তাৰ হৃদয়খন গলি যোৱা যেন অনুভৱ কৰিছিল।
“হে পিতৃ” সি সেপ ঢুকি কৈছিল, মই আপোনাৰ অহিতে আৰু ঈশ্বৰৰ অহিতে পাপ কৰিলো। আপোনাৰ পুত্ৰ বুলিবলৈ মই আৰু যোগ্য নহও...”
পিতৃক এনেকুৱা লাগিছিল যেন তেওঁ এটাও শব্দ শুনা নাই। তেওঁৰ মুখ মণ্ডলৰ ওপৰেদি চকুলো বাগৰি গৈছিল। ঘৰখনৰ চাকৰবিলাকে এই আলোড়ণৰ মাত শুনিছিল আৰু দৌৰি ওলাই আহিছিল।
“বেগা বেগি কৰা!” বাপেকে সিহঁতক আদেশ দিছিল। তাৰ কোঠাটো সজোৱা! তাৰ নিমিত্তে নতুন সাজ পোচাক যুগুত কৰা! এটা ভোজ যুগুত কৰা, কাৰণ আমি এটা উৎসৱ পালন কৰিম! এইটো মোৰ ল’ৰা—সি মৰিছিল আৰু জীলে; সি হেৰাইছিল আৰু এতিয়া বিচাৰি পোৱা গ’ল!”
ক্ষমা বিচাৰি পোৱা
এই কাহিনীটো সেই দৃষ্টান্তটোৰ আধাৰত লিখা হৈছে যিটো সৃষ্টিকৰ্ত্তা ঈশ্বৰৰ পৰা আমি কেনেকৈ ক্ষমা লাভ কৰিব পাৰো তাক ব্যাখ্যা কৰিবলৈ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই কোৱা হৈছিল। আমাৰ জীৱনত যেতিয়া আমি ভুল কৰো—এনেকি ডাঙৰ ভুল কৰিলেও—আমি ঈশ্বৰৰ ওচৰলৈ ঘুৰি যাব পাৰো যেনেকৈ প্ৰতাপে নিজ পিতৃৰ ওচৰলৈ ঘুৰি আহিছিল। আমি কঠোৰ ৰীতি-নীতি পালন বা বলি উৰ্ছগা কৰাৰ প্ৰয়োজন নাই। দুবাহু মেলি ঈশ্বৰে আমালৈ অপেক্ষা কৰি আছে। হৃদয় পৰিবৰ্ত্তনতহে তেওঁ আটাইতকৈ অধিক মূল্য দিয়ে। নম্ৰতাৰে আমি আমালোকৰ পাপ স্বীকাৰ কৰিবই লাগিব, সঁচাকৈয়ে দুখ প্ৰকাশ, আৰু ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব। ঈশ্বৰৰ পাপ ক্ষমাৰ ঐশ্বৰিক আচৰিত কাৰ্য্যৰ অভিজ্ঞতা লাভ কৰিবলৈ আপুনি ভাল পাব নে? আপুনি কৰি অহা আটাইবিলাক ভুলৰ পৰা আপুনি আজিয়েই, এই মূহুৰ্ত্ততেই শুচি হব পাৰিব। আপুনি এইদৰে প্ৰাৰ্থনা কৰিব পাৰে:
মৰমীয়াল ঈশ্বৰ, মোৰ পাপ সমূহৰ নিমিত্তে মই গভীৰভাৱে দুখিত। প্ৰভু যীচু খ্ৰীষ্টৰ মহান বলিদালনৰ যোগেদি অনুগ্ৰহ কৰি মোক ক্ষমা কৰা আৰু আটাইবিলাক অপবিত্ৰতাৰ পৰা মোক শুচি কৰা। মোক ভিতৰৰ পৰাই এজন নতুন মানুহ বনোৱা। আমেন।
প্ৰভু যীচু খ্ৰীষ্টৰ উপদেশবোৰৰ বিষয়ে আপুনি যদি অধিককৈ জানিবলৈ বচাৰে, তেন্তে অনুগ্ৰহ কৰি এই পত্ৰিকা খনৰ সিপিঠিত দিয়া সম্ভেদৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰক।
Copyright © 2023 by Sharing Hope Publications. অ-ব্যৱসায়িক উদ্দেশ্যত অনুমতিৰ অবিহনে ছপা আৰু বিতৰণ কৰিব পাৰিব ।আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক
নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!

আপোনাৰ দৰ্শক সকলক বিচাৰি উলিয়াওক
বৈশিষ্ট্যযুক্ত প্ৰকাশনসমূহ
© 2024 Sharing Hope Publications