আচৰিত কাৰ্য্যৰ এটা দিন

আচৰিত কাৰ্য্যৰ এটা দিন

সাৰাংশ

পত্নীৰ সৈতে বিমলৰ সম্পৰ্কটো আৰু অধিক বেয়া হৈ আহিছিল। কিন্তু এদিনাখন, তেওঁ বিশ্ৰামবাৰৰ বিষয়ে জানিব পাৰিছিল, যিটো সৃষ্টিকৰ্ত্তা ঈশ্বৰৰ সন্মানাৰ্থে এটা বিশেষ পবিত্ৰ দিন। তেওঁ প্ৰভু যীচুৰ পুস্তকখন পঢ়িবলৈ আৰম্ভ কৰিলে আৰু প্ৰতি সপ্তাহে বিশ্ৰামবাৰ পালন কৰিবলৈ ধৰিলে। লাহে লাহে, বিমলৰ খংটো নোহোৱা হৈছিল, আৰু তাৰ বৈবাহিক জীৱনত বিশেষ কিবা এটা সলনি হবলৈ ধৰিছিল।

ডাউনলড

বিমলে তেওঁৰ অটো-ৰিস্কাখন ৰাস্তাৰ দাতিলৈ টানি আনিছিল। যদিও ওৰে দিনটো সি ভালেমান ভাড়া পাইছিল, তথাপি সি সুখী হোৱা নাছিল। সি তাৰ বৈবাহিক জীৱনৰ বিষয়ে নভবাকৈ থাকিব পৰা নাছিল। ছিন্নভিন্ন হৈ পৰিছিল!

সি তাৰ ভাৰ্য্যা সীমাক মৰম কৰিছিল-কিন্তু মাজে সময়ে সি তাইক মাৰ ধৰ কৰাৰ পৰা নিজকে ধৰি ৰাখিব পৰা নাছিল। তাই তাক বৰকৈ খং উঠাইছিল। এনে কৰিবলৈ সি বিচৰা নাছিল, কিন্তু এইটো হৈ গৈছিল। 

ধৰ্ম্মীয় বিধি বিধান চলি থকা সময়ত, সীমাক ভুতবোৰৰ আত্মাই লম্ভিছিল আৰু পাগলিৰ দৰে নাচিছিল, তাইৰ শৰীৰটোক চম্ভালিব নোৱাৰা হয় আৰু তাইৰ কাপোৰ কানিবোৰ ফালি চিৰি পেলাইছিল। তাই যি ধৰনে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল, তাক বিমলে মুঠেই ভাল পোৱা নাছিল। সি তাইক ধৰ্ম্মীয় বিধি বিধান চলি থকা সময়ত নাযাবলৈ কৈছিল, কিন্তু তাই কথা শুনা নাছিল। ফালি চিৰি যোৱা বস্ত্ৰেৰে আৰু বলি দিয়া জন্তুৰ তেজেৰে মুখমন্ডল ৰাঙলি কৰি তাই ঘৰত সোমাইছিল আৰু তেতিয়া বিমলে খং কৰিছিল আৰু তাইক মাৰ পিট কৰিছিল। 

সীমা দুবাৰকৈ গৰ্ভৱতী হৈছিল কিন্তু তাইৰ উন্মত্ত ধৰ্ম্মীয় বিধি বিধানৰ কাৰণে গৰ্ভপাত হৈছিল। তাই আৰু অধিককৈ জেদ্দী হৈ গৈছিল, আৰু বিমল খঙিয়াল, নিৰাশ আৰু অপৰাধী হৈছিল।

এক উত্তম পথ

বিমলে তাৰ অটো-ৰিক্সা খনত বহি থাকোতে, সি যেনেকৈ হলেও এটা উত্তম পথ পাবলৈ হেঁপাহ কৰিছিল। অকস্মাত, ৰাস্তাৰ কাষৰ এটা বিল্ডিঙৰ ভিতৰৰ পৰা সি কিছুমান মাত শুনিবলৈ পাইছিল। ভিতৰত কিছুমান লৰা-ছোৱালী আৰু বয়স্ক লোক আছিল, আৰু সিহঁতে কোনোবা এজনে কোৱা কাহিনীএটা শুনি আছিল। 

কাহিনী কওঁতা জনে এজন মানুহৰ বিষয়ে কৈছিল যি জনে তাৰ সমস্যা সমূহৰ পৰা দুৰলৈ পলাই গৈছিল। সি তাৰ জমজ ভাতৃক বিশ্বাঘাতক কৰিছিল আৰু তেওঁক ইমান বেয়াকৈ আঘাত দিছিল যে সি নিজৰ জীৱনটোক লৈ ভয় কৰিছিল। সি পলাই যাওঁতে, ৰাতি অৰণ্যতে শুইছিল। এটা শিলক মূৰৰ শিতান কৰি লোৱাৰ বাহিৰে, আৰামকৈ শুবলৈ তাৰ লগত আন একো নাছিল। সি বৰকৈ অকলশৰীয়া অনুভৱ কৰিছিল আৰু তাৰ পৰিয়ালটো বিভাজন হোৱাত সি যি কৰিলে তাৰ বাবে দুখীত হৈছিল।

বিমলে ওচৰৰ পৰা মনদি শুনিছিল। এই মানুহজনৰ অনুভৱ কেনেকুৱা হব তাক সি জানিছিল।

কাহিনী কওঁতাজনে কৈ গৈ আছিল। সেই মানুহজন যেতিয়া শুই গৈছিল, সি এটা সপোন দেখিছিল। স্বৰ্গ ঢুকি পোৱা এডাল জখলা সি দেখিছিল। স্বৰ্গ দূতবিলাকে জখলাডালত উঠা নমা কৰিছিল, যেন এই দুখীত, ভগ্ন মানুহ জনৰ বাবে আৰ্শীবাদহে আনিছে। যেতিয়া সি সাৰ পাইছিল, সি আনন্দ অনুভৱ কৰিছিল। গাৰু হিচাপে যি শিলটো সি ব্যৱহাৰ কৰিছিল তাকে লৈ সি তাৰ ঈশ্বৰৰ নিমিত্তে এটা বেদি নিৰ্মান কৰিছিল। জখলাৰ দৰ্শণটোৱে তাক ঈশ্বৰৰ সৈতে আকৌ এবাৰ সংযোগ হোৱাৰ অনুভৱ দিছিল, আৰু সি জানিছিল যে সকলোবোৰ ভাল হব।

এখন নতুন কিতাপ 

মানুহবোৰ যেতিয়া গুচি গৈছিল, বিমল লাজ লাজকৈ বিল্ডিং টোৰ ভিতৰলৈ সোমাই গৈছিল।

“হেপী চাবাথ” বুলি কাহিনী কওঁতাজনে তাক সম্ভাষণ জনাইছিল। 

“চাবাথ মানেনো কি?” পৰম ধাউতিৰে বিমলে সুধিছিল।

“আমি সৃষ্টিকৰ্ত্তা ঈশ্বৰক আৰধনা কৰো” কাহিনী কওঁতাজনে উত্তৰ দিছিল।” আৰু সপ্তাহৰ সপ্তম দিন, বিশ্ৰান দিনত (চাবাথ) আৰধনা কৰিবলৈ তেওঁ আমালোকক আদেশ দিছে, কাৰণ তেওঁ ছদিনত পৃথিবী সৃষ্টি কৰিছিল। সেই মানুহজনৰ সপোনৰ জখলাটোৱে যেনেকৈ স্বৰ্গ আৰু পৃথিবীক সংযোগ কৰিছিল, চাবাথ হৈছে সপ্তাহৰ এটা পবিত্ৰ দিন যিয়ে আমালোকক ঈশ্বৰৰ সৈতে সংযোগ স্থাপন কৰে। এইটো দিনত আমি যেতিয়া উপসনা কৰো, সৃষ্টিকৰ্ত্তা ঈশ্বৰৰ প্ৰতি আমি আমাৰ ভক্তি প্ৰদৰ্শণ কৰো আৰু তেওঁৰ আৰ্শীবাদবোৰ লাভ কৰো।”

যমজ ভাতৃৰ সেই কাহিনীয়ে বিমলৰ হৃদয় স্পৰ্শ কৰিছিল। “সেই কাহিনীটি আপুনি ক’ত বিচাৰি পাইছিল?” 

“কাহিনীটো বাইবেলৰ পৰা লোৱা, এইখন প্ৰভু যীচু খ্ৰীষ্টৰ কিতাপ” কাহিনী কওঁতা জনে আলমাৰীৰ পৰা কিতাপখন উলিয়াই লৈছিল আৰু বিমলক দিছিল। “আপোনি কাহিনীটো ইয়াতে পঢ়িবলৈ পাব।” 

বিমলে মানুহ গৰাকীক ধন্যবাদ দিছিল আৰু তাৰ নতুন কিতাপখন লৈ ঘৰলৈ গৈছিল। সি পঢ়োতে, সঁচা যেন লাগিছিল, আৰু পিছৰটো শনিবাৰত সি আকৌ তালৈ গৈছিল। যেতিয়া সি নিৰবে বহিছিল আৰু তেওঁৰ পবিত্ৰ দিনটোত সৃষ্টিকৰ্ত্তা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল, তাৰ হৃদয়খনত কিবা এটা আচৰিত হবলৈ আৰম্ভ কৰিছিল। 

এজন পৰিবৰ্ত্তিত মানুহ

এদিনাখন বিমলে যেতিয়া তাৰ নতুন কিতাপখন পঢ়িছিল, সি এটা পদ বিচাৰি পাইছিল য’ত এইদৰে কোৱা হৈছিল, “তোমালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা তোমালোকত নিবাস কৰে, ইয়াক তোমালোকে নাজানা নে?” (বাইবেল, ১ কৰিন্থীয়া ৩ঃ১৬ পদ) অকস্মাত তাৰ মনৰ ভিতৰত পোহৰ উদয় হৈছিল। সি ভাবিছিল, যিহেতু শৰীৰ ঈশ্বৰৰ মন্দিৰ হয়, ইয়াৰ ওপৰত অত্যাচাৰ চলাবলৈ কাৰো অধিকাৰ নাই। মোৰ পত্নিক মই আৰু কেতিয়াও মাৰ পিট নকৰো।

অতীতত সি এই কাম নকৰিবলৈ বহুবাৰ চেষ্টা কৰিছিল, কিন্তু এইবাৰ ই সঁচাকৈয়ে কাম কৰিছিল। সি জানিছিল যে বাইবেলখন পঢ়া আৰু চাবাথ দিনত সেৱা উপসনা কৰা কাৰ্য্যই তাক সেই জনা সৃষ্টিকৰ্ত্তা ঈশ্বৰৰ সৈতে সংযোগ কৰাইছিল যি জনাই তাৰ অন্তৰখন সলনি হোৱাত সহায় কৰিছিল। এনে অনুভৱ হৈছিল যেন এখন ঐশ্বৰিক হাতে তাৰ বুকুৰ মাজৰ পৰা শিলাময় অন্তৰখন উলিয়াই নিছিল আৰু তাত এখন মৰমীয়াল অন্তৰ প্ৰতিস্থাপন কৰিছিল। 

পুনঃমিলন!

ভলেমান বছৰ ধৰি, বিমলে সৃষ্টিকৰ্ত্তা ঈশ্বৰক অহৰহভাৱে পবিত্ৰ বিশ্ৰাম বাৰে আৰধনা কৰিছিল। লাহে-লাহে, সীমাই তাইৰ স্বামীক পৰিবৰ্ত্তন হোৱা লক্ষ্য কৰিছিল। সি আৰু তাইক মাৰ ধৰ কৰা নাছিল। ইয়াৰ পৰিবৰ্তে, সি নম্ৰ আৰু মৰমীয়াল হৈছিল।

এইখিনি সময়তে, সীমা অতি ভাগৰুৱা আৰু নিৰাশ হৈ পৰিছিল। তাই ল্ক্ষ্য কৰিছিল যে প্ৰভু যীচুৰ পুস্ককখন পঢ়াৰ পিছত বিমলক সদায় অতি শান্ত দেখা গৈছিল আৰু শনিবাৰে তাৰ উপসনাৰ পিছত সদায় ঘৰলৈ উভতি আহিছিল। অৱশেষত, সি তাইক তাৰ সৈতে যাব নেকি বুলি সুধিছিল, তাই মান্তি হৈছিল। 

“বিশ্ৰাম দিন আমাৰ পৰিয়ালটিৰ নিমিত্তে এটা বিশেষ পবিত্ৰ দিন” বুলি বিমলে কৈছিল। “এইটো দিনতেই ঈশ্বৰে তেওঁৰ সৈতে সংযোগ কৰিবলৈ আমাক নিমন্ত্ৰণ কৰে। এই ধৰনে যেতিয়া আমি তেওঁৰ সৈতে সংযোগ স্থাপন কৰো, তেতিয়া তেওঁ আচৰিত কাৰ্য্য কৰে। মই মোৰ পত্নিক জানো আৰু আজি মোৰ এখন সুখৰ সংসাৰ আছে কাৰন প্ৰতি দিনে, আৰু বিশেষকৈ বিশ্ৰাম বাৰে মই সৃষ্টিকৰ্ত্তা ঈশ্বৰক সেৱা উপসনা কৰিবলৈ শিকিলো। বিশ্ৰাম দিনৰ আৰ্শীবাদে আমালোকক ঈশ্বৰ আৰু পৰস্পৰৰ ওচৰলৈ চপাই আনে।”

আজি, বিমল আৰু সীমাৰ সুখৰ সংসাৰখনত দুজনকৈ সন্তান আছে। সিহঁতে সিহঁতৰ ওচৰ চুবুৰীয়া সকলক বিশ্ৰাম দিনৰ আৰ্শীবাদৰ বিষয়ে কয়।

আপুনি যদি চাবাথৰ বিষয়ে অধিককৈ জানিবলৈ বিচাৰে বা এখন বাইবেল বিচাৰে তেন্তে অনুগ্ৰহ কৰি এই পত্ৰিকাৰ সিপিঠিত দিয়া সম্ভেদৰ যোগেদি আমাৰে সৈতে যোগাযোগ কৰক।

Copyright © 2023 by Sharing Hope Publications. অ-ব্যৱসায়িক উদ্দেশ্যত অনুমতিৰ অবিহনে ছপা আৰু বিতৰণ কৰিব পাৰিব ।
উদ্ধৃত সকলোবোৰ শাস্ত্ৰপদ পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে, বাইবেল চচাইটি অফ ইণ্ডিয়া - অসমীয়া - (অ.ভি.) সোধপোছ কৰি বাইবেল চচাইটি অফ ইণ্ডিয়াৰ দ্বাৰাই ছপা কৰি উলিওৱা হৈছে। অনুমতি সাপেক্ষে ব্যৱহাৰ কৰা হৈছে। সকলো স্বত্ব সংৰক্ষিত।