
ঈশ্বৰৰ বিশেষ লোক
সাৰাংশ
আহিব লগীয়া দিনত তেওঁ কেনেকৈ এখন নিখুঁত জগত পুনৰ সৃষ্টি কৰিব সেই বিষয়ে প্ৰভু যীচু খ্ৰীষ্টই আমাক কৈছে। তেওঁৰ বিশেষ লোকবিলাকে তাত অনন্তকাল বাস কৰিব। এই বিশেষ লোকবিলাকনো কোন? বাইবেলে এওঁলোককেই “অৱশিষ্ট” বুলি কৈছে। এই পুস্তিকাখনে অৱশিষ্টসকলৰ বিষয়ে চমু বৰ্ণনা দাঙি ধৰিছে আৰু তেওঁলোক সকলোৱে কি চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে তাকো আমালোকক কৈছে।
প্ৰকাৰ
Tract
প্ৰকাশক
Sharing Hope Publications
সহজ লভ্য
8 ভাষা
পৃষ্ঠা
6
এজন মানুহৰ বিষয়ে এটা কাহিনী কোৱা হৈছে যি জনে দূৰ দেশলৈ যাত্ৰা কৰাৰ আগতে তেওঁৰ দাস সকলক একেলগে গোটাইছিল। এজন দাসক, তেওঁ এটা ডাঙৰ টকাৰ মোনা দিছিল; দ্বিতীয় জনক, এটা মজলীয়া আকাৰৰ টকাৰ মোনা দিছিল; আৰু তৃতীয় জনক এটা অতি সৰু টকাৰ মোনা দিছিল-প্ৰত্যেককে সিহঁতৰ সামৰ্থ অনুযায়ী দিছিল। তেওঁ সিহঁতক কৈছিল যে তেওঁ যোৱাৰ পিছত সিহঁতে তেওঁৰ সম্পত্তিখিনিক ভালদৰে চোৱাচিতা কৰিব লাগিব। ইয়াকে কৈ তেওঁ প্ৰস্থান কৰিছিল।
প্ৰথম দাসজনে তেওৰ টকাখিনি লৈ তাৰে ব্যৱসায় আৰম্ভ কৰিছিল। ঠিক তেনেকৈ দ্বিতীয় জনো টকাখিনি ব্যৱসায়ত ব্যৱহাৰ কৰিছিল। সিহঁতে কঠোৰ পৰিশ্ৰম কৰিছিল, আৰু উভয়েই অতিসোনকালে সিহঁতক দিয়া টকাখিনিক দুগুন কৰিছিল।
কিন্তু তৃতীয়জন দাস, যি জনে অতি সৰু টকাৰ মোনা পাইছিল, সি বেলেগ ধৰনৰ আছিল। সি মাটিত এটা গাত খান্দিছিল আৰু নিৰাপত্তাৰ বাবে টকাখিনি তাত পুতি থৈছিল—তাৰ পিছত সি সকাহ লৈছিল, মালিক বাহিৰত থকা সময়ত বহু বছৰ এলাহৰ জীৱন উপভোগ কৰিছিল।
অৱশেষত, মালিক গৰাকী উভতি আহিছিল। প্ৰথম দুগৰাকী দাসে কেনেকৈ কঠোৰ পৰিশ্ৰম কৰিছিল আৰু তেওঁৰ সম্পত্তিখিনি দুগুন কৰিছিল তাক দেখুৱাইছিল। তেওঁ কৈছিল, “চাবাইচ! তোমালোক উত্তম আৰু বিশ্বাসী দাস। সৰু বিষয়তে তোমালোকে নিজকে প্ৰমান কৰি দেখুৱালা, আৰু এতিয়া মই তোমালোকক ডাঙৰ বিষয়ৰ ওপৰত দায়িত্ব দিম।” তাৰ পিছত তেওঁ সিহঁতক এটাকৈ পুৰস্কাৰ দিছিল।
তৃতীয় দাসজন আগবাঢ়ি, সেওমেওকৈ আৰু পেপুৱা লাগি থিয় হৈছিল। “হে প্ৰভু” সি কৈছিল, “মই জানো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই, তাকে তোলে, আৰু যিহক বোৱা নাই তাকে দায়। মই ভয় কৰিছিলো, গতিকে মই গৈ আপোনাৰ টকাখিনি মাটিৰ তলত পুতি থৈছিলো। আপুনি দিয়াখিনি সকলো ইয়াতেই আছে—ইয়াৰ পৰা অলপো হেৰাই যোৱা নাই।” কিন্তু মালিকৰ বৰ খং উঠিল কাৰন তেওঁ জানিছিল যে সেই এলেহুৱা দাসজনে তেওঁ বাহিৰত থকা সময়খিনিত একোকে কৰা নাছিল। তেওঁ তেওঁৰ টকাখিনি উভতাই লৈছিল, ইয়াক সেইজন দাসক দিছিল যি জনে বিশ্বাসেৰে কাম কৰিছিল, আৰু অবিশ্বাসী দাসজনক শাস্তি দিয়া এখন ঠাইত নিক্ষেপ কৰিছিল।
এখন সম্পুৰ্ন সিদ্ধ ৰাজ্য
এই কাহিনীটি প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই কোৱা হৈছিল, যি জনা হৈছে মহান উপদেশক আৰু কাহিনী কওঁতা। তেওঁৰ পুস্কক, বাইবেল পুথিখনে, আমালোকক কয় যে তেওঁ এদিন মেঘ ৰথত নামি আহিব আৰু তেওঁৰ বিশেষ লোকসকলক এটা মহান পুৰস্কাৰ দিব, তেওঁৰ সেই দাসবোৰ যি সকলে বিশ্বাসী হৈ আহিছে। কিন্তু যি সকলে তেওঁৰ পুনৰাগমণৰ বাবে প্ৰস্তুত হোৱা নাই, তেওঁবিলাকে অতিশয় নিৰাশ হব লাগিব।
ঈশ্বৰৰ বিশ্বাসী দাস সকলৰ নিমিত্তে এই আচৰিত পুৰস্কাৰটো কি বাৰু? প্ৰভু যীচু খ্ৰীষ্টই আমাক নিবলৈ প্ৰতিজ্ঞা কৰা ঠাই যাক কোৱা হয় “ঈশ্বৰৰ ৰাজ্য।” এই ৰাজ্যখনেই হৈছে সেই ঠাই য’ত সৃষ্টিকৰ্ত্তা ঈশ্বৰজনাই নিবাস কৰে। এয়া এনে এখন নিখুঁত ঠাই য’ত প্ৰত্যেকে সম্পূৰ্ণ সুখ আনন্দ পায় আৰু যত ঈশ্বৰে মনুষ্যৰ সৈতে নিবাস কৰিব। এই ৰাজ্যৰ লোক সকলে ঈশ্বৰৰ বিধানৰ আৰু পৰস্পৰে পৰস্পৰৰ সৈতে সংগতি ৰাখি জীৱন নিৰ্বাস কৰে। ইয়াত কোনো দুখ, বেদনা, নাইবা মৃত্যু নাই। এই আচৰিত ৰাজ্যখনৰ কেতিয়াও অন্ত নহব! কিন্তু কেৱল মাত্ৰ বিশ্বাসী আৰু আজ্ঞাধীন লোকসকলেহে এই ৰাজ্যখনত যাব পাৰিব। যি সকলে ঈশ্বৰক প্ৰত্যাখ্যান কৰে বা এলেহুৱা আৰু তেওঁক সেৱা কৰাত যত্নবান নহয় তেওঁলোক তেওঁৰ ৰাজ্যত সোমাবলৈ নেপাব।
আমাৰ নিজৰ পথেৰে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাটো সম্ভৱ নহয়। জীৱন জুৰি কৰা অনেক ভাল কৰ্ম্মতকৈ ই অনেক গুণ দামী। ইয়াৰ পৰিবৰ্ত্তে সৃষ্টিকৰ্ত্তা ঈশ্বৰে আমাক বিনামূলীয়া উপহাৰ হিচাপে প্ৰৱেশ পত্ৰ প্ৰদান কৰিছে। যি কোনো লোকেই ঈশ্বৰৰ ৰাজ্যত যাব পাৰে, ইয়াত জাতি, সামাজিক পদ মৰ্য্যদা নাইবা অতীতৰ ইতিহাসৰ কথা নাই। কিন্তু যদিওবা ভাল কামবোৰৰ দ্বাৰাই এই ৰাজ্যখনলৈ যোৱাৰ পথ আমি অৰ্জন কৰিব নোৱাৰো, তথাপিও আমাৰ ভাল কামবোৰ কৰাটো অপৰিহাৰ্য। আমি সেই লোকসকলৰ দৰে হওঁনে নহওঁ তাক ঈশ্বৰে আমাৰ কাৰ্য্যবোৰৰ যোগেদি লক্ষ্য কৰে, যি সকলে তেনেকুুৱা এখন সিদ্ধ, সংগতিপুৰ্ণ ঠাইত আনন্দেৰে বাস কৰিব।
বাইবেলে এক বিশেষ লোকৰ এটা দলৰ বিষয়ে ব্যাখ্যা কৰিছে যি সকল সেই দুজন দাসৰ দৰে—সিহঁতে কৰা সকলো কাৰ্য্যতে বিশ্বাসী। এই বিশেষ লোকসকলক “অৱশিষ্ট” বুলি কোৱা হৈছে, এওঁলোক পৃথিবীৰ বিভিন্ন ঠাইৰ লোক যিসকল ঈশ্বৰৰ বাধ্য আৰু প্ৰভু যীচুৰ দ্বিতীয় আগমণলৈ আগ্ৰেহেৰে অপেক্ষা কৰি থাকে।
অৱশিষ্ট দলত যোগদান
বিশ্বাসী দাসৰ এই দলটোৱেই এদিন ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব, ঈশ্বৰৰ বিশেষ লোকৰ সেই দলটোৰ সহ-ভাগী আমি কেনেকৈ হব পাৰো বাৰু? ঈশ্বৰৰ প্ৰতি বিশ্বাসী হবলৈ প্ৰভু যীচুৱে আমাক শিকাইছিল, কিন্তু তেওঁ এখন জটিল নিয়মৰ দীঘলীয়া তালিকা প্ৰস্তুত কৰা নাছিল। তেওঁ কৈছিল আমি সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো মনেৰে সৈতে ঈশ্বৰক প্ৰেম কৰিব লাগিব আৰু সেইদৰে আমাৰ ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিব লাগিব(বাইবেলৰ, মথি ২২:৩৭-৪০)। এইটো শুনাত সহজ যেন লাগিব পাৰে, কিন্তু বহু সময়ত ভাল নোপোৱা লোক সকলক আমি প্ৰেম কৰাটো সহজ নহয়। তথাপিও প্ৰভু যীচুৱে আমাক এনেকি আমালোকৰ শক্ৰকো প্ৰেম কৰিবলৈ কৈছে(মথি ৫:৪৪)। এয়া এই কাৰনেই সম্ভৱ কিয়নো ঈশ্বৰে আচৰিত ভাৱে আমাৰ হৃদয়বোৰ সলনি কৰিছে আৰু আমালোকক অলৌকিক প্ৰেম আৰু মংগলভাৱ প্ৰদান কৰিছে। ঈশ্বৰৰ প্ৰতি আৰু আনৰ প্ৰতি থকা এটা প্ৰেমময় জীৱনেই প্ৰমান যে আমি প্ৰভু যীচুৰ বিশ্বাসী দাস।
ঈশ্বৰৰ ৰাজ্যত অনন্ত জীৱন!
প্ৰথম দুজন দাসৰ দৰে, ঈশ্বৰৰ অনুসৰণকাৰী সকল ধৈৰ্য্যশীল আৰু বিশ্বাসী হবই লাগিব। যেতিয়া আমাৰ প্ৰভু যীচু আকৌ আহিব, আমালোকৰ ভক্তি আৰু বিশ্বস্ততাৰ নিমিত্তে লাভ কৰা পুৰস্কাৰে অনন্তকালৰ বাবে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাব। সেই ৰাজ্য সেই লোকসকলৰ নিমিত্তেহে, “যি সকলে ঈশ্বৰৰ আজ্ঞা আৰু যীচুৰ বিশ্বাস পালন কৰে” (প্ৰকাশিত বাক্য ১৪:১২)।
যি সকলে ঈশ্বৰৰ ৰাজ্যত অনন্তকালৰ নিমিত্তে বসবাস কৰিব তেওঁবিলাকৰ লগত আপুনিও যদি যোগ দিব বিচাৰে, তেন্তে আপুনি এইদৰে এটা প্ৰাৰ্থনা কৰিব পাৰে:
হে মৰমীয়াল ঈশ্বৰ, আপোনাৰ ৰাজ্যত ময়ো আপোনাৰ সৈতে থাকিবলৈ বিচাৰো। আপুনি অহালৈকে বিশ্বাসী হৈ থাকিবলৈ মোক শিকাওঁক আৰু সহায় কৰক। এখন উত্তম ঠাইলৈ মোক লৈ যাবলৈ কৰা আপোনাৰ প্ৰতিজ্ঞাৰ বাবে আপোনাক ধন্যবাদ! আমেন।
ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে যদি আপুনি অধিক জানিবলৈ বিচাৰে, তেন্তে অনুগ্ৰহ কৰি সিপিঠিত দিয়া সম্ভেদৰ যোগেদি আমাৰে সৈতে যোগাযোগ কৰক।
Copyright © 2023 by Sharing Hope Publications. অ-ব্যৱসায়িক উদ্দেশ্যত অনুমতিৰ অবিহনে ছপা আৰু বিতৰণ কৰিব পাৰিব ।উদ্ধৃত সকলোবোৰ শাস্ত্ৰপদ পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে, বাইবেল চচাইটি অফ ইণ্ডিয়া - অসমীয়া - (অ.ভি.) সোধপোছ কৰি বাইবেল চচাইটি অফ ইণ্ডিয়াৰ দ্বাৰাই ছপা কৰি উলিওৱা হৈছে। অনুমতি সাপেক্ষে ব্যৱহাৰ কৰা হৈছে। সকলো স্বত্ব সংৰক্ষিত।
আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক
নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!

আপোনাৰ দৰ্শক সকলক বিচাৰি উলিয়াওক
বৈশিষ্ট্যযুক্ত প্ৰকাশনসমূহ
© 2024 Sharing Hope Publications